80 Best Assamese Story
যায় আধা বাটত নমাই দিয়ে..! ফুৰ্তি কৰি ল'ৰা ছোৱালী বোৰ ঘূৰি আহে..! এক বিশেষ আনন্দ ..!
এৰা ....আইতাৰো গাড়ী চাবলৈ ইচ্ছা যায় এতিয়াও , তেওঁ নাজানে আজিকালি বহুত গাড়ী আহে আমাৰ ৰাস্তাত
মোৰ পৰা এয়েই দিলোঁ দেউতাই একোকে নকলে হাত পাতি ললে মাথোঁ বয়োবৃদ্ধ শুকান মুখখন শোকত দগ্ধ হৈছিল অনুমান কৰিব পাৰি..! সেয়া আছিল বাইদেউৰ বিয়াৰ কথা ..! বহুতৰ জীৱনত এনে ঘটনা ঘটিব পাৰে ..! সঁচাকৈয়ে মাতৃয়ে নিজৰ অস্তিত্ব বিলীন কৰি সন্তানৰ কথা ভাবে..! মা'ৰ হাতত আজি কাঁচৰ চুৰি..! সোণৰ বালা নাই মাৰ হাতখন দেখি গোপনে হুমুনিয়াহ কাঢ়োঁ..! কিমান মাতৃৰ হাত উদং কৰি জীয়ৰীক বিদায় দিছে আন এখন ঘৰলৈ ভাবি থাকোঁ ক্ৰমশঃ
৫ মই সাংঘাটিক বেয়া ল'ৰা আছিলোঁ..! মোৰো যে এটা জীৱন আছে সেয়া নাজানিছিলোঁ..! কিমানৰ যে কথা শুনিব লগা হৈছিল..! তথাপিও পৰিৱৰ্তন ন'হল মোৰ মন..! খাব নলগা বস্তু খাই আন্ধাৰ খেদি ফুৰো..! সেয়া আছিল মোৰ স্বৰ্গ সুখ..! ভাগৰ নোহোৱা দিনৰ কথা..! আজি মোৰ বয়স হৈছে..! হাতত এডাল জলন্ত চিগাৰেট..! মোৰ জীৱনৰ ভাৰসা নাই..! চলচলীয়া চকুহাল ইমছ'নেল হৈ উঠিছে..! লাইফ সচাঁকৈয়ে বৰবাদ হ'বলৈ গৈ আছে নেকি..? আজি জীৱনৰ অনুশোচনাত মই..! মনৰ ভিতৰখন ৰিফ্ৰেছ কৰিব পৰা নাই..! আধা খোৱা চিগাৰেট ডাল পেলাই দিলোঁ..! মোৰ জীৱনক অন্য এটা জীৱনলৈ ৰূপান্তৰিত কৰিম..! বুকুৰ মাজত হাতখন নিজেই চেপি ধৰি কৈ উঠিলো, পুৰণি অভ্যাস এৰিবলৈ নতুন অভ্যাস আৰম্ভ কৰিম মই..! হয়টো হৈ যাব পাৰো কাৰোবাৰ বাবে আদৰ্শ ৬ ঘৰুৱা বৈঠক আৰম্ভ হ'ল বৰদেউতাই স্পষ্ট কৰি দিলে বিয়াখন হ'বই উপস্থিত থকা সকলো পৰিয়ালৰ লোকে ইজনে সিজনৰ মুখলৈ চালে ..! খুড়াই অলপ সময় মৌন হৈ থাকি কৈ দিলে মই ফাৰ্নিচাৰ খিনিৰ সম্পূৰ্ণ দায়িত্ব ললো..! আৰে তই যদি ফাৰ্নিচাৰ খিনিৰ দায়িত্ব ল মইনো কি দিম মই চাউল খিনিয়ে দিম বৰদেউতাই হাঁহি কলে..! দেউতাই তামোল কাটি কাটি হাঁহি আছে শ্যামলীয়ে লাল চাহৰ ট্ৰেখন হাতত লৈ সোমাই আহিল বৰঘৰলৈ..! তাইৰ আজি দুখঃ কমদিনৰ ভিতৰতে ঘৰখন এৰি যাব লাগিব..! মই একো কোৱা নাই শুনি আছোঁ ...! মা' সিটো ৰূমত কাপোৰ জাপি আছে কিন্তু প্ৰতিটো কথাই শুনি আছে..! চাহ খাই উঠি বৰদেউতা হত গলগৈ ..! অকল দেউতা আছে ৰূমটোত মা' ওচৰত বহিল আৰু ধীৰে ধীৰে কৈ গ'ল মইনো আমাৰ মাজনীক কি দিম দেউতাই মা'ৰ মুখলৈ চালে..! মাই নিঃসংকোচে কাণত আৰু ডিঙিত পিন্ধি থকা আপুৰুগীয়া গহনা কেইপদ খুলি দিছিল..!
৭ কুঁৱলীৰ মায়া সনা ৰাতি.... ডুব গৈছে পৃথিৱীখন লাহেকৈ ..! দুচকুৰ পতাত মায়া সানি লৈ মই ডুবি গৈছো তেওঁৰ ভাৱনাত..! ভাৱনাৰ উচ্ছল ঢৌবোৰ গণি গণি উন্মনা হৈছো। কোনো ৰিলেশ্যন নাই আজিকালি, ভালপোৱাবোৰ যেন শেষেই নহব ..! তথাপিও এখন চিঠি লিখিম তেওঁলৈ আজি..! তেওঁক আমনি কৰাৰ ইচ্ছা নাছিল যদিও আমনি নকৰাকৈ থাকিব নোৱাৰিলো..! মনক আয়ত্বত ৰাখিব নোৱাৰিলো, আজিও..। প্ৰতি, তোমালৈ ____ বহুকেইটা উদাস বসন্ত বাগৰি গ'ল, বহু বছৰ বিৰতিৰ পিছত ওঁঠে তোমাৰ বাবে সোঁৱৰনিৰ পাত লুটিয়াই গৈছে..! আচৰিত হ'বা নিশ্চয়, এখন চিঠি কিমান বছৰ চাগে পঢ়া নাই তুমি ..! চোৱাচোন তোমাৰ কথা মনলৈ অহাৰ লগে লগে মোৰ মুখখনৰ ৰং কেনেকৈ সলনি হৈ গ'ল..! সপ্ৰতিভ হৈ পৰো, যেতিয়া তোমাৰ কথা ভাবো। ক'ত আছা তুমি ..এইবাৰ শেৱালীৰ সুবাস খিৰিকীখন মেলি উপভোগ কৰিলা নে নাই ..! জোনাক দেখি ঢপলিয়াই উঠা তুমিজনী, হাঁহি এটাৰে ভৰুণ হৈ পৰা মুখৰ তুমিজনী... আস... আগৰ দৰেই বদমাচিবোৰ এতিয়াও কৰা নে...? মোৰ চিঠিখনত একেবাৰেই তুমি জীৱন্ত হৈ উঠিছা..! চকুত ভাঁহি উঠিছে তোমাৰ মুখ... যেন মই সুধিছো, তুমি উদ্বিগ্ন হৈ ফুলৰ টাব টো লাৰি লাৰি উত্তৰ দিছা একান্তমনে, যেন প্ৰাচীন কোনোবা ঋষিৰ তনয়া..! আজি আকাশ ফৰকাল, জোনাক নিশা ..! মোৰ দৃষ্টি ঘূৰি আহে চিঠিলৈ ..! তুমি কাষত নাই, কিন্তু তোমাক বাৰে বাৰে টানি আনো। এক অদ্ভুত প্ৰতিদ্বন্দিতাৰ সৃষ্টি হৈছে মনত..! নিৰ্জনতাৰ সুযোগ লৈ অকলে বহিছো, থমথম নিশাৰ নিজান। তোমালৈ বুলি চিঠি লিখিম..! তুমি নতুন জীৱন পালা নেকি সুধিম..! কথাবোৰ সুধি সুধি বিষাদৰ ভৰে গধুৰ কৰা বুকুখন পাতল কৰিম..! কিন্তু, জঠৰ হৈ পৰিছে হাতখন, তুমি
Visit - www.jonakaxom.in