
1 minute read
Smritir Xubash (স্মৃতিৰ সুবাস)
শুভেচ্ছাবাণী
সাহিত্যৰ ইতিহাসৰ আৰম্ভণিয়ে হৈছিল কাব্য সাহিত্যৰ। বাস্তৱ জীৱনৰ অভিজ্ঞতাই হৃদয়ত বুৰবুৰণি সৃষ্টি কৰা অনুভূতিৰ সংবেদনশীল ৰূপায়ণেই কবিতা, ক'ব গলে কবিতা সৃষ্টিৰ আৰতে থাকে অনুভূতি প্ৰৱণমন আৰু সৌন্দৰ্যস্পৃহা। এই অনুভূতিবোৰে সাৱলীল ৰূপত প্ৰকাশ কৰা হয় বাবেই কবিতা আকৰ্ষণীয়। সেইবাবেই চাগে আজিও বিশ্বসাহিত্যত কাব্য সাহিত্যিই বিশেষ স্থান দখল কৰি আছে । কবি সকলক ভাষাৰ যাদুকৰ বুলি কোৱা হয়, কবিতাত ভাষাক অধিক গুৰুত্ব দিয়া হোৱাৰ লগতে ভাব-অনুভূতি প্ৰকাশৰ কাৰণে সৰল আৰু অৰ্থপূৰ্ণ শব্দ নিৰ্বাচন কৰি ল'ব পৰাৰ ওপৰতে কবিৰ কৃতিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে ।কবিৰ নিপুণতাৰে অতি সংযত ৰূপেৰে কম কথাৰ মাজেৰে অধিক ভাব প্ৰকাশ কৰিব পাৰিলেহে কবি এজন সাৰ্থক পায়। অসমীয়া কবিতাই বৰ্তমান সমগ্ৰ ভাৰততে বিশেষ মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হৈছে নৱ-প্ৰজন্মৰ কবি ৰাজীৱ পাতৰৰ "স্মৃতিৰ সুবাস "কাব্য গ্ৰন্থখনত তেওঁ ৰচিত ৩৪ টা কবিতাৰে সন্নিবিষ্ট প্ৰথম প্ৰচেষ্টা । তেওঁৰ কবিতা সমূহত অনুভূতিৰ সূক্ষ্মতা , ভাষাৰ প্ৰাঞ্জলতা দেখা পোৱা যায় । তেওঁৰ সৃষ্টিশীলতাকলৈ লক্ষ্য কৰি অনুভৱ কৰিছোঁ তেওঁৰ ভৱিষ্যতৰ সম্ভাৱনা আছে ।আশা কৰোঁ কাব্য সংকলনটি পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিব। ভৱিষ্যতলৈও তেওঁৰ কাপৰ পৰা উৎকৃষ্ট কবিতাৰ সৃষ্টি হোৱাৰ কামনা কৰিলোঁ । ৰাজীৱ পাতৰৰ এই প্ৰয়াস সফল হোৱাত আন্তৰিক শুভেচ্ছা জনালোঁ ।
Advertisement
হীৰামণি শৰ্মা উপমন্যু